Protest at Chachal : ছেবা ৰক্ষাৰ সংকল্পৰে চচলত ৮ টাকৈ সংগঠনৰ প্ৰতিবাদ - গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 28, 2023, 9:31 PM IST

গুৱাহাটী, ২৮ এপ্ৰিল : শুকুৰবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলী (Protest at Chachal)৷ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰে গঠিত কমিটিৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে শিক্ষামন্ত্ৰী, ছেবাৰ অধ্যক্ষ আৰু সচিবৰ পদত্যাগৰ দাবী আদিকে ধৰি শিক্ষাৰ্থীৰ শৈক্ষিক সমস্যা সমধানৰ দাবী তুলি শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসমে চচলত ছেবা ৰক্ষাৰ সংকল্প নামে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest against HSLC question paper leak) ।

প্ৰতিবাদকাৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ছেবাৰ অধ্যক্ষ আৰু সচিবৰ শীঘ্ৰে পদত্যাগৰ দাবী কৰে ৷ লগতে ছেবাৰ সংস্কাৰৰ এক ৰূপৰেখা প্ৰস্তুত কৰা আৰু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত অত্যাচাৰ চলোৱা ধলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক বিহিত শাস্তি প্ৰদানৰ লগতে CBSC ত ছেবাক অন্তৰ্ভুক্ত কৰাৰ বাবে বিজেপি চৰকাৰখনে গ্ৰহণ কৰা তৎপৰতা বন্ধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে ।

শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়াই ৰাজ্যৰ ৮ টা ছাত্ৰ আৰু যুৱ সংগঠন ক্ৰমে SFI, AISA, SMSS, CYSS, ISO, AIYF, JYS আৰু DYFI য়ে (8 organizations protest at Chachal) । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অসমৰ প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী মীৰা বৰঠাকুৰেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Amartya Sen vs Visva Bharati : ভূমি প্ৰসংগত বিশ্ব ভাৰতীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ অমৰ্ত্য সেন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.