thumbnail

By

Published : Apr 22, 2023, 2:17 PM IST

ETV Bharat / Videos

Eid Ul Fitr 2023: আমগুৰিত পৱিত্ৰ ঈদ উল ফিটৰ পালন

আমগুৰি, 22 এপ্ৰিল: শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি চাৰিআলি মৰিনামদাং ইমদাদিয়া যুৱ সমাজৰ উদ্যোগত উদযাপন কৰা হৈছে পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ ৰমজান মাহৰ এমাহ জোৰা ৰোজাৰ পিচত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকে আজি পালন কৰিছে পৱিত্ৰ ঈদ-উল-ফিটৰ (Eid Ul Fitr celebrations 2023) ৷

অতীজৰে পৰা ঐক্য সম্প্ৰীতিৰ আদৰ্শ আৰু বাণী বিলাই অহা শিৱসাগৰ জিলাটো পালন কৰা হৈছে ঈদ-উল-ফিটৰ ৷ ইজনে-সিজনক মৰম আৰু চেনেহেৰে আঁকোৱালি লৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে ।  শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি চাৰিআলিৰ মৰিনামদাং ইমদাদিয়া যুৱ সমাজে সকলোৰে মাজত ফল-মূল বিতৰণ কৰি ঐক্য-শান্তি আৰু সমন্বয়ৰ বাৰ্তা বিলাবলৈ গ্ৰহণ কৰিছে বিশেষ উদ্যোগ ।

লগতে পঢ়ক :  Angkita Dutta controversy : 6 বছৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল অংকিতা দত্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.