Eid Ul Fitr 2023: চতিয়াৰ বাকোলাত ঈদত বয়োজেষ্ঠক সম্বৰ্ধনা - Eid Ul Fitr Celebration in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18320228-thumbnail-16x9-ssst-aspera.jpg)
চতিয়া, ২২এপ্ৰিল: এমাহ জোৰা ৰোজাৰ পিচত শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ঈদ-উল-ফিটৰ ৷ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে চতিয়াতো ইছলাম ধৰ্মাৱলম্বী লোকে আজি পালন কৰিছে পৱিত্ৰ ঈদ-উল-ফিটৰ (Eid Ul Fitr celebrations ) ৷ ঈদ উপলক্ষে বাকোলা ঈদগাহ ময়দানত সমূহীয়া নামাজৰ আয়োজন কৰা হয় (Eid Ul Fitr Celebrated in Assam) ।
সমগ্ৰ দেশৰ লগতে জামুগুৰিহাটৰ বাকোলা ঈদগাহ ময়দানত আজি প্ৰতিকূল বতৰকো নেওচি নামাজ পঢ়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে (Eid Ul Fitr at Sootea)। ইয়াৰ সৈতে সংগতি ৰাখি অঞ্চলটোৰ বয়োজেষ্ঠ হিন্দু লোকসকলক সম্বৰ্ধনা জনাই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰ নিৰ্দশন দাঙি ধৰে । কেইবা শতাধিক লোকে বাকোলা ঈদগাহ ময়দানত ঈদ উল ফিটৰৰ নামাজ পঢ়ে ।
লগতে পঢ়ক:Angkita Dutta Row: অংকিতাৰ বিষয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ গাতহে দোষ বিচাৰি পালে ভূপেন বৰাই