thumbnail

By

Published : Apr 22, 2023, 12:57 PM IST

ETV Bharat / Videos

Eid al Fitr: মৰাণৰ ঈদগাহ ময়দানত চাৰি বছৰৰ মূৰত সমূহীয়া নামাজ

মৰাণ,২২ এপ্ৰিল: আজি ইছলামধৰ্মী সকলৰ পবিত্ৰ ঈদ-উল-ফিতৰ (Eid al Fitr Celebration) । ৰমজানৰ মাহজোৰা ৰোজাৰ অন্তত আজি ইছলামধৰ্মী লোকসকলে ডিকমতো সমূহীয়াকৈ ঈদ পালন কৰে । ঈদৰ উপলক্ষে ডিকমৰ ঈদগাহৰ সমীপত সমূহীয়াভাৱে নামাজ আদায় কৰি বিশ্ব শান্তিৰ কামনা কৰে । পবিত্ৰ ঈদৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে হিন্দু সম্প্ৰদায়ৰ বহু বৰেণ্য ব্যক্তিয়ে (Eid al Fitr Celebration in Assam) ।  

সমাজত দেখা দিয়া বিভেদকামী মনোভাৱ পৰিহাৰ কৰি সমন্বয় আৰু শান্তিৰ পৰিৱেশ সৃষ্টিৰ বাবে আজি পবিত্ৰ ঈদৰ দিনাই সমূহীয়াকৈ সংকল্প গ্ৰহণ কৰে । আনহাতে মৰাণতো একেই পৰিবেশ (Eid al Fitr Celebration in Moran) । মৰাণৰ ইদগাহ ময়দানত চাৰি বছৰৰ মূৰত সামূহীয়া নামাজ । মাহজোৰা ৰোজাৰ অন্তত প্ৰায় চাৰি সহস্ৰাধিক লোকৰ সমাগমেৰে অনুষ্ঠিত হৈছে সমজুৱা নামাজ । এই পবিত্ৰ দিনটোত বিশ্ববাসীৰ শান্তিৰ কামনাৰে এইদৰে নামাজ পঢ়িলে ইছলাম ধৰ্মী লোকসকলে । 

লগতে পঢ়ক: Hailstorm in Karimganj : প্ৰচণ্ড ধুমুহা বৰষুণত প্ৰাণ গ’ল এটি শিশুৰ; কেইবাজনো চিকিৎসাধীন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.