Ranoj Pegu in Dhemaji: বাইক চলাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰণোজ পেগুৰ

By

Published : Aug 3, 2022, 7:00 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ধেমাজিৰ বান পৰিস্থিতি কিছু উন্নত হোৱাত ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে মংগলবাৰে ধেমাজিত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু (Education Minsiter in Dhemaji) ৷ ধেমাজিত উপস্থিত হৈ জীয়াধলৰ ভয়াৱহ বানে উটুৱাই নিয়া কুমতীয়া সোঁপাৰৰ মথাউৰিৰ বগলীজান সাপেখাতি অংশ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে (Ranoj Pegu review flood situation in Dhemaji) ৷ জলসম্পদ দপ্তৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে প্ৰায় ৭০ মিটাৰ ভগ্ন মথাউৰিৰ অংশ পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী পেগুৱে ৷ অতি শীঘ্ৰেই মথাউৰিটো পুনঃনিৰ্মাণ কৰাৰ লগতে ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে জীয়াধল নদীৰ বুকুত থকা দিহিৰি কছাৰী, দিহিৰি চাপৰি আৰু দিহিৰি লেপঙৰ গাঁওবাসীক শীঘ্ৰে পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলিও কয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.