E-rickshaw Awareness campaign: মাণিকপুৰত ই-ৰিক্সাৰ সন্থাৰ সজাগতা সভা - e Rickshaws Awareness campaign in Manikpur
🎬 Watch Now: Feature Video
মাণিকপুৰ,17 জুন: বঙাইগাওঁ জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত ই-ৰিক্সা চালক সন্থাৰ বিভিন্ন সমস্যাৰ ওপৰত শনিবাৰে এক সজাগতা সভা অনুষ্ঠিত হয় । বিগত সময়ত মাণিকপুৰ অঞ্চলৰ শ শ ই-ৰিক্সা চালকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । ই-ৰিক্সাৰ সমূহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথত চলাচলৰ বাবে প্ৰতিবন্ধকতা আৰোপ কৰাত সমস্যাৰ সন্মুখীন হৈছে ই-ৰিক্সা চালকসকল ৷ কাৰণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব লগাত পৰে । মাণিকপুৰৰ বহুতো স্কুল-কলেজ, বেংক আদিকে কৰি চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানলৈ অহা-যোৱা কৰোতে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লাগে ই-ৰিক্সা সমূহে । ৰাষ্ট্ৰীয় ঘাইপথেৰে ই-ৰিক্সা পাৰ হ’লে প্ৰশাসনে ই-ৰিক্সা চালকক 1000- 12000 টকা জৰিমনা প্ৰদানৰ অভিযোগ উত্থাপন হৈছে । এই সমূহ সমস্যা সমাধান কৰাৰ বাবে মাণিকপুৰ ই-ৰিক্সা চালক সন্থাই এক সজাগতা সভা অনুষ্ঠিত কৰে । এই সজাগতা সভাত উপস্থিত থাকে বঙাইগাঁও পৰিবহন বিভাগৰ বিষয়া চিত্য কুমাৰ নাথ, মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহা ।