বৰাকৰ শ্ৰমিকৰ সুবিধাৰ কাৰণে ই-নিধি এপ মুকলি - মন্ত্ৰী সঞ্জয় কিষাণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-01-2024/640-480-20442122-thumbnail-16x9-baraka-news.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 6, 2024, 11:08 AM IST
শিলচৰ, 6 ডিচেম্বৰ : বৰাকত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল ই-নিধি এপ ৷ বৰাকৰ চাহ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ সুবিধাৰ্থে এই ই-নিধি এপছ মুকলি কৰা হৈছে ৷ ৰাজ্যৰ শ্ৰম আৰু কল্যাণ মন্ত্ৰী তথা অসম চাহ কৰ্মচাৰী ব’ৰ্ড অৱ ট্ৰাষ্টৰ অধ্যক্ষ সঞ্জয় কিষাণে শুকুৰবাৰে শিলচৰত এই এপ মুকলি কৰে ৷ শিলচৰৰ বংগভৱনত অনুষ্ঠিত এখন সভাত মন্ত্ৰীগৰাকীয়ে এই এপটো মুকলি কৰে ৷ এই এপৰ যোগেদি বৰাকৰ প্ৰায় 54 হাজাৰ শ্ৰমিক আৰু কৰ্মচাৰী উপকৃত হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী কিষাণে ৷
তেওঁ লগতে কয়, ‘‘এতিয়াৰ পৰা এই এপৰ মাধ্যমেৰে বৰাকৰ শ্ৰমিকসকলে পঞ্জীয়নৰ লগতে অভাৱ-অভিযোগৰ বিষয় নথিভুক্ত কৰিব পাৰিব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত প্ৰতিগৰাকী চাহ শ্ৰমিক আৰু কৰ্মচাৰীৰ সুযোগ সুবিধা আৰু অধিকাৰ প্ৰতিষ্ঠাৰ বাবে কাম কৰি আহিছে ৷’’
লগতে পঢ়ক : হিট এণ্ড ৰান; কাছাৰৰ বিভিন্ন প্ৰান্তত গাড়ীচালকৰ প্ৰতিবাদ