Durga Puja 2023 : তেজপুৰত মৃন্ময় প্ৰতিমা গঢ়াত ব্যস্ত নৱম শ্ৰেণীৰ ছাত্ৰ

🎬 Watch Now: Feature Video

thumbnail

তেজপুৰ, ৫ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ সময় কাষ চাপি অহাৰ লগে ইতিমধ্যে প্ৰতিমাৰ খনিকৰ সকল ব্যস্ত হৈ পৰিছে ৷ তেজপুৰ চহৰৰ কাষতে মাধ্যাপৰাৰ এজন ছাত্ৰই নিজ হাতে দুৰ্গতিনাশিনীৰ মূৰ্তি নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ এই গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰই বিগত তিনি বছৰ ধৰি এইদৰেই নিজৰ ঘৰতেই দুৰ্গা দেৱীৰ মৃন্ময় মূৰ্তি তৈয়াৰ কৰি ঘৰতে পূজা-অৰ্চনা কৰি আহিছে ৷

তেজপুৰ চেক্ৰেড হাৰ্ট বিদ্যালয়ৰ অয়ন কুণ্ডু নামৰ ছাত্ৰজনে বিগত ২০২০ চনৰ পৰাই ঘৰতে মূৰ্তি নিৰ্মাণ কৰি আহিছে ৷ কেৱল মৃন্ময় মূৰ্তি নিৰ্মাণ কৰাই নহয় ছাত্ৰজনে নিজে এই মূৰ্তি প্ৰতিষ্ঠা কৰি দেৱীৰ বন্দনা আৰু পূজা-অৰ্চনা কৰে ৷ তেজপুৰ চেক্ৰেড হাৰ্ট বিদ্যালয়ৰ ছাত্ৰ অয়নে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্থাতে প্ৰথমবাৰলৈ সাজিছিল দুৰ্গতিনাশিনীৰ এক মৃন্ময় প্ৰতিমা ৷ ছাত্ৰজনৰ প্ৰৱল হাবিয়াসৰ বাবেই পিতৃ-মাতৃ অঞ্জন কুণ্ডু আৰু চোনিয়া কুণ্ডুৰ লগতে পৰিয়ালৰ সকলো সদস্যই এই ক্ষেত্ৰত সহযোগ কৰি উৎসাহিত কৰে নৱম শ্ৰেণীৰ ছাত্ৰ অয়নক ৷

লগতে পঢ়ক : Durga Puja 2023: খাৰুপেটীয়াত ডেৰ লাখ টকা মূল্যৰ দুৰ্গা দেৱীৰ প্ৰতিমা তৈয়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.