লংকাত পূজা মণ্ডপ মুকলি কৰিলে বিধায়ক ৰামকৃষ্ণ ঘোষে - হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16531400-585-16531400-1664671257763.jpg)
শাৰদীয় দুৰ্গা পূজাক লৈ চৌদিশে বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ (Durga Puja in Assam) । আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপসমূহ ৷ ন-ন আৰ্হিত সজাই তোলা হৈছে পূজা মণ্ডপসমূহ ৷ শনিবাৰে মহাষষ্ঠীৰ দিনা হোজাইৰ লংকাৰ ৰূপনগৰৰ পূজা মণ্ডপত উপস্থিত হয় হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ । কলকাতাৰ পৰা উক্ত পূজাথলীলৈ নিমন্ত্রণ কৰি অনা ধাক বজোৱা লোকৰ মাংগলিক ধাকৰ শব্দৰ মাজতেই পূজাস্থলী মুকলি কৰে বিধায়ক ৰামকৃষ্ণ ঘোষে (Puja pandal inaugurated by MLA Ramkrishna Ghosh) । বিধায়কগৰাকীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে দেৱীৰ আশীষ লয় । অহা ৩ অক্টোবৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই হোজাই চহৰত পূজা চাবলৈ আহিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে (CM Himanta Biswa Sarma to visit Puja at Lanka) ।
Last Updated : Feb 3, 2023, 8:28 PM IST