মহাষ্টমীৰ দিনা লোকে লোকাৰণ্য শ্ৰীপুৰ দেৱালয় পূজাথলী
🎬 Watch Now: Feature Video
বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত পুৰাণ শ্ৰীপুৰ দেৱালয়ত বিগত বৰ্ষৰ দৰে এইবাৰো পাঁচদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দুৰ্গা পুজা(Durga puja in sripur dewalaya in baksa)৷ আজি পুজাৰ মহাষ্টমীৰ দিনা ৰাতিপুৱাৰে পৰা ভক্তৰ লানি নিছিগা শাৰী প্ৰত্যক্ষ কৰিবলৈ পোৱা গ'ল ঐতিহ্যমণ্ডিত দেৱালয়খনত ৷ হেজাৰ হেজাৰ ভক্তই ধূপ-চাকি-নৈবেদ্য আগবঢ়ায় দুৰ্গা দেৱীৰ প্ৰতি পূজা-অৰ্চনা আগবঢ়োৱা পৰিলক্ষিত হ'ল আজি মহাষ্টমীৰ দিনটোত ৷ লোকবিশ্বাস অনুসৰি প্ৰতিগৰাকী ভক্তই মন্দিৰলৈ যোৱাৰ আগমূহুৰ্তত বটগছ এজোপাৰ গুৰিত ঘাঁহ দিয়ে আৰু তাৰপিছতহে তেওঁলোকে মন্দিৰত প্ৰৱেশ কৰে ৷ প্ৰবাদ আছে এই মন্দিৰটোত হেনো সেৱা জনালে ভক্তৰ মনোকামনা পূৰ্ণ হয় ৷ অতীজৰে পৰা মন্দিৰটোত পাৰ চৰাই, ছাগলী, ম'হৰ লগতে কোমোৰা, কুঁহিয়াৰ, কচু আদি দেৱীৰ নামত ভক্তপ্ৰাণ ৰাইজে বলি দি আহিছে বুলি দেৱালয়ৰ পূজাৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST
TAGGED:
শ্ৰীপুৰ দেৱালয়