Vijaya dashami: বিজয়া দশমীত পাৰভঙা উছাহ যোৰহাটত - মহাদশমী
🎬 Watch Now: Feature Video


Published : Oct 24, 2023, 2:10 PM IST
|Updated : Oct 24, 2023, 5:51 PM IST
যোৰহাট, 24 অক্টোবৰ : আজি বিজয়া দশমী ৷ মা দুৰ্গাক বিদায় দিবলৈ সাজু হৈছে সকলো ৷ নাচি-বাগি সকলোৱে দশমী উদযাপন কৰিছে যদিও পূজা মণ্ডপত এক নিমাও মাও পৰিৱেশে বিৰাজ কৰিছে ।
যোৰহাটৰ ঐতিহ্যমণ্ডিত ৰূপহী আলিত শাৰদীয় দুৰ্গাপূজাৰ মহাদশমী উপলক্ষে দাণ্ডিয়া আৰু গৰ্বা নৃত্য প্ৰদৰ্শন কৰে যুৱতী তথা মহিলাসকলে । তেওঁলোক আনন্দ উল্লাসৰ মাজেৰে মাক প্ৰণিপাত জনায় । আজি মহাদশমীৰ দিনা সকলোৱে যাতে দুগুণ উৎসাহেৰে বিসৰ্জন উপভোগ কৰিব পাৰে তাৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা গড় আলি, এটি ৰোড আৰু ভোগদৈ পাৰলৈ ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে ।
আনহাতে বিজয়া দশমীৰ দিনটোত কোনেও যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে । কাৰণ কালি মহানৱমী দিনা এদল উদণ্ড যুৱক এজন অসহায় যুৱকক উপৰ্যুপৰি ছুৰীৰে আঘাত কৰাৰ ফলত বৰ্তমান যুৱকজন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত জীৱন মৃঁত্যুৰে যুঁজি আছে । একাংশ উশৃংখল যুৱক আৰু সুৰাপায়ীয়ে মহানৱমী নিশাটোত সৃষ্টি কৰা এনে পৰিৱেশৰ বাবে মঙলবাৰৰ পুৱাৰ পৰাই আৰক্ষী আৰু চি আৰ পি এফ মোতায়েন কৰা হৈছে ।
লগতে পঢ়ক : Durga Puja 2023: বিজয়া দশমীত নগাঁৱত সেন্দুৰৰ খেল