thumbnail

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 8:40 PM IST

ETV Bharat / Videos

Son kills mother: 95 বছৰীয়া মাতৃৰ সৈতে বিবাদ; ঘৰৰ ভিতৰতে জ্বলাই দিলে সুৰপায়ী পুত্ৰই

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ: ওড়িশাৰ কন্ধমালত জঘন্য ঘটনা ৷ 95 বছৰীয়া বৃদ্ধা মাতৃক নিজ পুত্ৰই হত্যা কৰি অগ্নিদগ্ধ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাটো জিলাখনৰ বাদিমুণ্ডা গাঁৱৰ সমীপৰ খাজুৰিচাহীত সংঘটিত হয় ৷ মৃত বৃদ্ধাগৰাকী মঞ্জুলা নায়ক বুলি চিনাক্ত কৰা হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি, অভিযুক্ত পুত্ৰ সমীৰ নায়কে (৪৫) শনিবাৰে নিশা মদ্যপান কৰি ঘৰলৈ আহিছিল ৷ নিশাই কিছু ঘৰুৱা সমস্যাক লৈ মাতৃৰ সৈতে কাজিয়াত লিপ্ত হৈছিল সমীৰে ৷ তাৰ পিচতে দেওবাৰে পুৱতি নিশা তেওঁলোকৰ ঘৰত জুই লগা দেখি চুবুৰীয়াসকল দৌৰি আহে ৷ স্থানীয় লোকে সন্দেহ কৰা অনুসৰি মাতৃৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ পিচতে সমীৰে খঙতে মাতৃক শ্বাসৰুদ্ধ কৰি হত্যা কৰে ৷ ইয়াৰ পিচতে হত্যাৰ প্ৰমাণ আঁতৰাবলৈ ঘৰৰ ভিতৰত মাতৃৰ মৃতদেহটো জ্বলাই দিয়ে ৷  

এই তথ্য লাভ কৰাৰ পিচতে টিকাবালি আৰক্ষী থানাৰ এটা দলে গাঁওখনত উপস্থিত হৈ মঞ্জুলাৰ আধা পোৰা মৃতদেহটো জব্দ কৰে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে সমীৰক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৷ ইফালে এটা অপৰাধৰ বাবে সমীৰে প্ৰায় তিনিবছৰ কাৰাবাস খাটি এসপ্তাহৰ পূৰ্বে ঘৰলৈ উভতি আহিছিল ৷

লগতে পঢ়ক: Clash between TMPK leader and businessman : যুৱ ব্যৱসায়ীক TMPK নেতাই আক্ৰমণ কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.