Yaba tablets seized in Silchar : শিলচৰত প্ৰায় 50 কোটি টকাৰ ইয়াবা টেবলেট জব্দ - শিলচৰত প্ৰায় 50 কোটি টকাৰ ইয়াবা টেবলেট জব্দ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18160705-thumbnail-16x9-sil.jpg)
শিলচৰ, 3 এপ্ৰিল : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৷ আৰক্ষীয়ে বহু চেষ্টা কৰিও নাকী লগাব পৰা নাই নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহৰ লগত জড়িত অপৰাধীক ৷ সোমবাৰে শিলচৰ আৰক্ষীয়ে কাছাৰ জিলাৰ বাঘধৰ অঞ্চলত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষীয়ে ৫ লাখ ইয়াবা টেবলেট আৰু এখন বলেৰ’ বাহনো জব্দ কৰিবলৈ সক্ষম হয় (Drugs smugglers detained with huge amount of Yaba tablets in Silchar) ৷
জব্দকৃত ইয়াবা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় 50 কোটি টকা বুলি অনুমান কৰিছে শিলচৰ আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত ৰুবেল হুছেইন মজুমদাৰ আৰু ছাইদুল হুছেইন মজুমদাৰ নামৰ দুজন লোককো আটক কৰে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ঘটনা সংক্ৰান্তত আটকাধীন দুয়ো অভিযুক্ত সম্পৰ্কত ভাই-ককাই ৷
লগতে পঢ়ক : Fake gold boat seized : দুই অভিযুক্তসহ মহানগৰীত জব্দ ৬ খন নকল সোণৰ নাও