Drugs peddler detained:নলবাৰীৰ বিহামপুৰত ই ৰিক্সাৰ পৰা হিৰ’ইনসহ আটক দুই সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 1:26 PM IST

thumbnail

নলবাৰী, ৪ অক্টোবৰ : ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে দিনে-নিশাই আৰক্ষী সষ্টম হৈ পৰিছে । আৰক্ষীৰ নিতৌ তালাচী অভিযানত আটক হৈ আছে ড্ৰাগছ সৰবৰাহকাৰী ।

নলবাৰীতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ চলাই উৎখাত কৰি আহিছে ড্ৰাগছৰ ঘাটি, আটক কৰি আহিছে সৰবৰাহকাৰী । এইবাৰ নলবাৰীৰ বিহামপুৰ চ’কত আক্ষীয়ে এখন ই ৰিক্সাৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ হিৰ’ইন । নলবাৰী- চামতা-সৰ্থেবাৰী পথৰ বিহামপুৰ চ’কত বেলশৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত পাঁচটা চাবোনৰ বাকচত অনা ১৬০ গ্ৰাম হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ আনহাতে হিৰ’ইনসহ দুজন যুৱকক আটক কৰে বেলশৰ আৰক্ষীয়ে । নলবাৰীৰ পৰা চামতা অভিমুখে এখন ই ৰিক্সাৰে সৰবৰাহ কৰা হৈছিল হেৰ’ইনখিনি । সম্প্ৰতি বেলশৰ আৰক্ষীয়ে ই ৰিক্সাসহ দুই সৰবৰাহকাৰীক আটক কৰি থানালৈ লৈ যায় ।

লগতে পঢ়ক : Drugs seized : বৰপথাৰত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.