Drugs seized in Tinsukia: তিনিচুকীয়াত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

By

Published : Dec 14, 2022, 7:59 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ তিনিচুকীয়াতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Drugs seized in Tinsukia) ৷ মঙলবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনত অভিযান চলায় ৷ অভিযানকালত আৰক্ষীয়ে চাৰিটাকৈ ড্ৰাগছৰ পেকেটৰ লগতে আটক কৰে দুই সৰবৰাহকাৰীক (Drugs peddler arrested)৷ জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় ৫০.৫০ গ্ৰাম হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ চহৰ পৰিদৰ্শক ভাস্কৰ ৰাজবৰুৱাৰ নেতৃত্বত হিজুগুৰি আৰক্ষী আৰু মাৰ্ঘেৰিটা আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল এই অভিযান ৷ আটকাধীন দুই যুৱকৰ পৰা অধিক তথ্যৰ বাবে সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.