Anti Drugs mission in Assam: ডিব্ৰুগড়ৰ নিজ মানকটাত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী - Drugs smuggling in Dibrugarh
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-09-2023/640-480-19537723-thumbnail-16x9-moran-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 17, 2023, 6:56 PM IST
মৰাণ, ১৭ ছেপ্টেম্বৰ: ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকা পাছতো জিলাখনত সৰবৰাহ বন্ধ হোৱা নাই । ড্ৰাগছৰ বিৰুদ্ধে চলাই থকা অভিযানৰ মাজতে আজি ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । নিজ মানকটাৰ সুন্দপুৰত জব্দ ৬.৫ গ্ৰাম ড্ৰাগছ । AS 06 AJ 4595 নম্বৰৰ বাহনখনৰ সৈতে দীপাংকৰ বুঢ়াগোহাঁই, ৰাহুল গগৈ আৰু প্ৰহ্লাদ শেনছোৱাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
ধনঞ্জয় মাহাতু নামৰ লোকজনৰ ভাড়াঘৰৰ পৰা জব্দ কৰে এই ড্ৰাগছখিনি । সোণোৱাল কছাৰী ছাত্র সন্থাৰ নেতৃত্বত ডিব্ৰুগড় নগৰ আৰক্ষী পৰিদৰ্শক প্ৰদীপ বৰা আৰু মিলন নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুৰাজ দাসৰ নেতৃত্বত চলিছিল এই অভিযান । উক্ত ভাড়াঘৰটোত দীৰ্ঘদিনৰ পৰা ড্ৰাগছ, সুৰাৰ আড্ডাৰ লগতে অনৈতিক কাৰ্য চলি অহাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ।
লগতে পঢ়ক: Goalpara civil hospital: গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নাৰ্ছৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ