Anti Drugs mission in Assam: বৰপথাৰত বৃহৎ পৰিমাণৰ মৰফিনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Huge quantity of morphine seized in Assam
🎬 Watch Now: Feature Video
Published : Nov 15, 2023, 7:11 PM IST
ডিফু, ১৫ নৱেম্বৰ: কাৰ্বি আংলং জিলাৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰখা অপৰাধী চক্ৰৰ বিৰুদ্ধে আজি কাৰ্বি আংলং জিলাৰ বৰপথাৰত কাৰ্বি আংলং আৰু গোলাঘাটৰ আৰক্ষীয়ে অভিযান চলায় । এই অভিযানত বৃহৎ পৰিমাণৰ মৰফিন জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।
গোলাঘাট জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ)ৰ নেতৃত্বত তথা গোলাঘাট,বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বোকাজান মহকুমা আৰক্ষী বিষয়াৰ সহযোগত আজি আৰক্ষীৰ এটা দলে বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত তালাচী অভিযান চলায় । উক্ত অভিযানত আৰক্ষীয়ে এএছ-০১-বিডি-২৩১৪ নম্বৰৰ বাহনখনত তালাচী চলাই ১.৮৫০ কিলোগ্ৰাম মৰফিন জব্দ কৰিবলৈ সক্ষম হয় ।
বাহনখনৰ স্পেয়াৰ চকাৰ ভিতৰত নিচাযুক্ত সামগ্ৰীখিনি ভৰাই সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে । এই সন্দৰ্ভত আৰক্ষীয়ে ডিমাপুৰৰ আকুম চাং (৫৯) আৰু খটখটীৰ বৰলেংৰি ব্লক-১ৰ অংবউ চাং (৪৫) নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:BJP leader arrested: ঘনিষ্ঠ হ’লেও কেৰামতৰ কেৰামতালী নসহে বিধায়ক মানৱ ডেকাই