thumbnail

By

Published : Jul 11, 2023, 10:54 PM IST

ETV Bharat / Videos

Drugs Paddler Detained: বশিষ্ঠ আৰক্ষীৰ জালত ড্ৰাগছসহ এটা সৰবৰাহকাৰী

গুৱাহাটী, 11জুলাই: ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ইয়াৰ পিছতো একাংশই গোপনে চলাই আছে ড্ৰাগছৰ ব্যৱসায় ৷ এইবাৰ মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী ৷

মহানগৰীৰ বশিষ্ঠৰ লতাকটাত বশিষ্ঠ আৰক্ষীয়ে অভিযানত চলাই এটা ভাৰাঘৰৰ পৰা আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক ৷ লগতে সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেইবাটাও ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, দুটা ম’বাইল ফোন ৷ গুৱাহাটী মহানগৰীত বশিষ্ঠ অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল সৰবৰাহকাৰীটোৱে ৷

জানিব পৰা মতে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আলম আলি ৷ ধৃত আলম আলিৰ ঘৰ নলবাৰীত ৷ টেম্পো চালক হিচাপে থাকি এটা ভাড়াঘৰৰ পৰা আলম আলিয়ে চলাই গৈছিল নিষিদ্ধ ড্ৰাগছৰ বেহা ৷ অৱশেষত মঙলবাৰে আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে সৰবৰাহকাৰীটোক ৷

লগতে পঢ়ক: Drunk Policeman Suspended:কৰ্তব্যৰত অৱস্থাতে মদ্যপান কৰি নিলম্বিত আৰক্ষী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.