Drugs seized in Nalbari: নলবাৰীৰ ঘৌগাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী - Drugs paddler arrested
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18616203-thumbnail-16x9-na.jpg)
নলবাৰী, 28 মে’: ৰাজ্যত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে নলবাৰীত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক হ’ল এটা সৰবৰাহকাৰী ৷ জিলাখনৰ 2 নং ঘোগাত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ আৰক্ষীৰ অভিযানত আটক হয় সৰবৰাহকাৰীটোক (Drugs paddler arrested in Nalbari) ৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা 27 টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰত 36.48 গ্ৰাম সন্দেজনক হেৰ'ইন, 62 টা নিচাজাতীয় টেবলেট, নগদ 5000 হাজাৰ টকা আৰু দুটা ম’বাইল ফোন জব্দ কৰে আৰক্ষীয়ে ৷ ধৃত সৰবৰাহকাৰীটোৰ মুকালমুৱাৰ ৰমজান আলী ওৰফে বুটা বুলি জানিব পৰা গৈছে (Drugs seized in Nalbari) ৷
আদাবাৰী পহৰা চকীৰ আই চি তৰণী দাসৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে সৰবৰাহকাৰীটোক (Assam police anti drugs mission) ৷ ধৃত সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই থকা খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ( Drugs paddler arrested) ৷
লগতে পঢ়ক: Goalpara Civil Hospital incident: চিকিৎসকক প্ৰহাৰ ৰোগীৰ পৰিয়ালৰ, আটক দুজন