thumbnail

By

Published : Apr 2, 2023, 2:31 PM IST

ETV Bharat / Videos

Drugs Paddler Arrested: নলবাৰীৰ সোনাপুৰত ড্ৰাগছ সহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

নলবাৰী, ২ এপ্ৰিল: ৰাজ্যত এফালে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান আৰু আনফালে অব্যাহত আছে ড্ৰাগছৰ অবৈধ সৰবৰাহ (Assam police anti drugs mission)।  আৰক্ষীৰ কঠোৰ অভিযানৰ মাজতেই বিভিন্ন উপায়েৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে  ড্ৰাগছৰ সৰবৰাহ ।

এইবাৰ নলবাৰীৰ দক্ষিণ পশ্চিম প্ৰান্তৰ সোনাপুৰত নিশা তিনিটা ড্ৰাগছ সৰবৰাহকাৰী আটক হয় ৷ সোনাপুৰত দৌলাশাল আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আটক কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ নাম তাইজুল আলী মহম্মদ (৩০), আব্দুল মতিব(৩৫) আৰু আইনুল হ'ক(৩৪) (Drugs seized in Nalbari)৷

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা ৪২.৯৯ গ্ৰাম ড্ৰাগছ, ৩১ টা নিচাযুক্ত টেবলেট, বহু পৰিমাণৰ খালী কন্টেইনাৰ, তিনিটা মোবাইল ফোন আৰু এখন নম্বৰপ্লেট বিহীন বাইক জব্দ কৰিবলৈ সক্ষম হয় (Drugs paddler arrested at sonapur in Nalbari) । ধৃত ড্ৰাগছ সৰবৰাহকাৰী তাইজুল আলী মহম্মদ আৰু আব্দুল মতিবৰ ঘৰ সোনাপুৰত আৰু আইনুল হ'কৰ ঘৰ লছিমাত বুলি জানিব পৰা গৈছে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই ড্ৰাগছৰ বেহা চলাই আহিছিল বুলি জানিব পৰা গৈছে (Drugs paddler arrested in Nalbari)।

লগতে পঢ়ক: Pranjal Moran case update : প্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত দুই কয়লা চোৰ আৰক্ষীৰ জিম্মাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.