Drugs seized in Jonai: ড্ৰাগছ সৰবৰাহত জড়িত বিজেপি নেতাৰ পুত্ৰ ! - Drugs paddler arrested in Jonai
🎬 Watch Now: Feature Video
জোনাই,৪ এপ্ৰিল: ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক (Drugs paddler arrested in Jonai)। আৰক্ষীয়ে লগতে ড্ৰাগছ আৰু নগদ ধনো জব্দ কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী তিনিটা হৈছে ৩ নং চিমেন চাপৰিৰ শ্যাম চুতীয়াৰ পুত্ৰ দেৱজিৎ চুতীয়া(২৩), চমকং বালিগড়া গাঁৱৰ দিব্য দ্বাৰিকৰ পুত্র মিগম দ্বাৰিক(১৮) আৰু মিছামৰাৰ থুলুংগা গয়াৰী(২৩)।
সৰবৰাহকাৰী তিনিটা দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকা বুলি চিমেন চাপৰি আৰক্ষীয়ে উল্লেখ কৰিছে (Chimen Chapori Police seized Drugs)৷ সোমবাৰে নিশা ৯ বজাত চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত খেৰণি গাঁৱৰ পৰা পশ্চিম জোনাই বিজেপিৰ উপ সভাপতি তথা চুতীয়া উন্নয়ন পৰিষদৰ সদস্য শ্যাম চুতীয়াৰ কনিষ্ঠ পুত্ৰ দেৱজিৎ চুতীয়াক গ্ৰেপ্তাৰ কৰি ৭০.৯৫ গ্ৰাম ড্ৰাগছৰ লগতে পাঁচ হাজাৰ টকা জব্দ কৰে ৷
আৰক্ষীয়ে তাৰ পাছতে চমকং বালিগড়া গাঁৱৰ দিব্য দ্বাৰিকৰ কনিষ্ঠ পুত্ৰ মিগম দ্বাৰিকৰ পৰা ১৩.৮১ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে ৷ আনহাতে, মঙলবাৰে পুৱতি নিশা মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত জয়পুৰ গাঁৱত তুলুঙা গৈয়াৰীৰ পৰা ৮.৩ গ্ৰাম ড্ৰাগছ লগতে ৫০০ টকা জব্দ কৰে ৷
লগতে পঢ়ক:IPL 2023 RR vs PK: ডাৱৰীয়া বতৰে বিঘিনি জন্মাব পাৰে বৰ্ষাপাৰাত হ’বলগীয়া আই পি এল মেচত !