Crime news in Dhemaji:চিলাপথাৰত ড্ৰাগছ আসক্তক ৰাইজে গতালে আৰক্ষীক - Crime news in Dhemaji
🎬 Watch Now: Feature Video
জোনাই, ২৬ জুন:ধেমাজি জিলাৰ চিলাপথাৰত ড্ৰাগছ আসক্তৰ তাণ্ডৱ । দেওবাৰে নিশা চিলাপথাৰ নগৰৰ অমৃতপুৰ কালিবাৰীত পুৰণি মন্দিৰৰ পৰা ড্ৰাগছ আসক্ত দুজন যুৱকে তিনিটাকৈ তলা ভাঙি চুৰি কৰে নগদ ধনৰ লগতে বহু মূল্যৱান সামগ্ৰী । চিলাপথাৰ গান্ধী নগৰৰ জয়দুল আলী আৰু কৰিম আলী নামৰ যুৱক দুজনে ড্ৰাগছ আসক্ত হৈ মন্দিৰ, দোকান আদিৰ পৰা চুৰি কৰি আহিছিল ।
দেওবাৰে নিশা ৰাইজে নাটকীয়ভাৱে ঘটনাস্থলীৰ পৰা নগদ ধনসহ কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে । উল্লেখ্য় যে দীৰ্ঘদিনৰ পৰাই কালিবাৰীৰ চৌহদত একাংশ যুৱকে মুকলিভাৱে ৰাগিয়াল বস্তু সেৱন কৰি আহিছে । নিচাৰ ৰাগীত চিঞৰ-বাখৰ কৰি পৰিৱেশ কলুষিত কৰি আহিছে ।
লগতে পঢ়ক:Health Camp in Marigaon: মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ