হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে সৰুপথাৰত মটৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ - hit and run law

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 11:20 AM IST

সৰুপথাৰ, ৫ জানুৱাৰী : শুকুৰবাৰে প্ৰতিবাদত উত্তাল হ’ল সৰুপথাৰ ৷ ক’লা আইন প্ৰত্যাহাৰ কৰাৰ দাবীত এইবাৰ সৰুপথাৰ নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে ট্ৰাক চালকসকলে ৷ প্ৰতিবাদকাৰীৰ দাবী, ‘‘আমি কোনোপধ্যে মানি নলওঁ হিট এণ্ড ৰান আইন ৷ যদি আমি চৰকাৰ তথা প্ৰশাসনক ৭ লাখ টকা দিবই পাৰো তেন্তে আমি আজি ট্ৰাক চলাই খাব লগীয়া নহ’ল হয়’’ ৷

উল্লেখ্য যে, চালকৰ ওপৰত জাপি দিয়া আইনৰ বিৰুদ্ধে সমগ্ৰ অসমতে ৪৮ ঘণ্টীয়া কৰ্মবিৰতি পালন কৰিছে মটৰ শ্ৰমিক ইউনিয়নে । পুৱাৰ ভাগৰে পৰা অসমৰ মটৰ শ্ৰমিকসমূহৰ যৌথ মঞ্চৰ আহ্বানত ৫ আৰু ৬ জানুৱাৰীত দুদিনীয়াকৈ ৰাজ্যৰ চালকসকলে কৰ্মবিৰতি পালন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই আইন প্ৰত্যাহাৰ নকৰিলে চালকসকলে গাড়ী চলাবলৈ এৰি দিয়াৰ কথাও উল্লেখ কৰে ৷

লগতে পঢ়ক : অৰ্কেষ্ট্ৰা নৃত্যশিল্পীক ধৰ্ষণ দুই নিচাসক্ত যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.