Sangeeta Dutta case: পুনৰ ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ডাঃ সংগীতা দত্তক - আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ ডাঃ সংগীতা দত্তক
🎬 Watch Now: Feature Video
গুৱাহাটী, ১২ মে’ : ৫ দিন থানাৰ বাহিৰে ভিতৰে চিঞৰি চিঞৰি ভাগৰি পৰিছে অভিযুক্ত ডাঃ সংগীতা দত্ত (Sangeeta Dutta case update)। ক্ৰমাৎ পৰিস্থিতিৰ লগত সহৱস্থান কৰিবলৈ বাধ্য হৈছে চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু স্বামী ডাঃ ৱালিউল ইছলামে । চিঞৰি চিঞৰি আৰক্ষীক জলা-কলা খুৱাই থকা সংগীতাৰ মুখৰ মাত নোহোৱা হৈছে (Sangeeta Dutta sent to 5 days police custody)। শুকুৰবাৰে ৫ দিনৰ আৰক্ষীৰ জিম্মা উকলি যোৱাত আদালত হাজিৰ কৰোৱাৰ পিছত আৰক্ষীয়ে পুনৰ সংগীতাক ৭ দিনৰ জিম্মাত বিছাৰিছিল যদিও আদালতে আজি পুনৰ ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে সংগীতাক (Child abuse allegation against Doctor couple)।
আনহাতে বৃহস্পতিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ডি এন এ পৰীক্ষা কৰা হয় অভিযুক্ত সংগীতাৰ দত্তৰ (Sangeeta Dutta case update)। আজি তোলনীয়া দুই সন্তানৰো ডি এন এ পৰীক্ষা কৰাৰ লগতে ফৰেণছিকলৈ নিয়া হয় নিৰ্যাতিত কণমানি দুটিক । ইপিনে অভিযুক্তৰ সংগীতাৰ সহায়িকা উৎপলা বসুক বিচাৰিও আৰক্ষীয়ে অভিযান অব্যাহত আছে । জানিব পৰা মতে, উৎপলা বসুৱে বংগত আত্মগোপন কৰি থকা খবৰ লাভ কৰি পশ্চিম বংগলৈ ৰাওনা হৈছে অসম ক্ৰাইম ব্ৰাঞ্চৰ এটা দল ৷
লগতে পঢ়ক: Sangeeta Dutta Case: চিচিটিভি ফুটেজত ওলাইছে চিকিৎসক দম্পতীয়ে চলোৱা আতিশয্যৰ শিহৰণকাৰী দৃশ্য