অক্ষয় কুমাৰ মিশ্ৰৰ জীৱন ভিত্তিক তথ্যচিত্ৰ তথ্যচিত্ৰ জীৱন তৃষ্ণাৰ শুভ মহুৰত সম্পন্ন

🎬 Watch Now: Feature Video

thumbnail

বৰপেটা, ১০ জানুৱাৰী: প্ৰজ্ঞাৰ সাধক অক্ষয় কুমাৰ মিশ্ৰৰ জীৱন ভিত্তিক তথ্যচিত্ৰ "জীৱন তৃষ্ণা"ৰ শুভ মহুৰত সম্পন্ন ৷ সত্ৰনগৰী বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহ, লেখক, শিক্ষাবিদ, সাংবাদিক, প্ৰজ্ঞাৰ সাধক অক্ষয় কুমাৰ মিশ্ৰৰ জীৱন আৰু কৃতিক সামৰি নিৰ্মাণ কৰিবলৈ লোৱা তথ্যচিত্ৰখনৰ বৰপেটা সত্ৰত আজি শুভ মহুৰতৰ পিচতে চিত্ৰগ্ৰহণ আৰম্ভ হয়  ৷ বৰপেটাৰ 'মুখা' নামৰ সংস্থাটোৰ বেনাৰত ভেইৰু কুমাৰ শৰ্মাই প্ৰযোজনা কৰা 'জীৱন তৃষ্ণা' নামৰ তথ্যচিত্ৰখনৰ পৰিচালনা কৰিছে নিৰ্মল দাসে ৷

'কলাগুৰু' আৰু 'শিক্ষাৰত্ন' বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই ৰচনা কৰা ২৬ গ্ৰন্থ আৰু ২১ খন সম্পাদিত গ্ৰন্থ এতিয়ালৈকে প্ৰকাশ হোৱাৰ লগতে অনাতাঁৰ কেন্দ্ৰৰ বাবে ১৯খন গীতি আলেখ্য আৰু অসংখ্য নিবন্ধ ৰচনা কৰিছে ৷ সাহিত্য কৃতিৰ লগতে শিক্ষকতা, সাংবাদিকতা আদি দিশেৰেও জাতিটোলৈ অনবদ্য অবদান আগবঢ়াই অহা লেখকগৰাকীৰ জীৱনক এইদৰে জীৱিত কালতে চেলুলয়ডত বন্দী কৰাৰ প্ৰয়াসক বৰপেটাবাসীয়ে আদৰণি জনাইছে ৷  

পৰিচালক নিৰ্মল দাসে এই প্ৰসংগত কয় যে তথ্যচিত্ৰখনৰ নিৰ্মাণ অতি সোনকালেই সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব ৷ ৮০ বছৰ বয়স অতিক্ৰম কৰা অক্ষয় কুমাৰ মিশ্ৰই এতিয়াও দৈনিক লেখা-মেলা কৰাৰ লগতে সামাজিক কাম-কাজ আৰু সভা-সমিতিত স্বাভাৱিকভাৱেই অংশগ্ৰহণ কৰি আছে ৷ 

লগতে পঢ়ক: ভোগৰ ভোগালী; আধুনিকতাৰ ধামখুমীয়াত ক’ত হেৰাল ঢেঁকী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.