HS result 2023: কলা শাখাত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ তেজপুৰৰ দিয়া মহন্তৰ - higher secondary results 2023
🎬 Watch Now: Feature Video
তেজপুৰ, ৬ জুন : ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ কলা শাখাত প্ৰথম দহটা স্থানত আছে 14 গৰাকী কীৰ্তি শিক্ষাৰ্থী ৷ এই তালিকাত অসমৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰি সমগ্ৰ অসমৰ লগতে তেজপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে দিয়া মহন্তই (HS result 2023)।
তেজপুৰ উষা নগৰৰ নিবাসী স্বৰ্গীয় হেমেন্দ্ৰ মহন্ত আৰু লিপিকা মহন্তৰ কন্যা দিয়া মহন্তই নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ পৰা কলা শাখাত শীৰ্ষ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে (Second position in arts in hs result 2023)। সৰ্বমুঠ 500 নম্বৰৰ ভিতৰত দিয়াই লাভ কৰিছে 488 নম্বৰ ৷ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ আশা দিয়াৰ ৷
সৰুৰে পৰাই সাংস্কৃতিক দিশটোৰ লগত জড়িত দিয়াই নগাঁও ৰামানুজন কলেজত শিক্ষা গ্ৰহণ কৰি এই খ্যাতি অৰ্জন কৰে ।
লগতে পঢ়ক : Assam HS result 2023 : কলা শাখাত চতুৰ্থ স্থান লাভ শুক্লেন মুং চেতিয়া