Divya Kala Mela 2023 : মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে উদ্বোধন কৰে দিব্য কলা মেলা ২০২৩ - কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক
🎬 Watch Now: Feature Video
গুৱাহাটী, ১২ মে’ : মহানগৰীৰ বেতকুচিস্থিত মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত কৰা হৈছে দিব্য কলা মেলা ২০২৩ (Divya Kala Mela 2023 inaugurated at Maniram Dewan Trade Centre) । ৭ দিনীয়াকৈ অনুষ্ঠিত কৰা এই মেলাখনি বৃহস্পতিবাৰে শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে । লগতে এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তি (Divya Kala Mela 2023 in Guwahati)।
বিশেষভাৱে সক্ষম লোকসকলে নিজ হাতে উৎপাদন কৰা বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে উলিয়াই দিয়া হয় এই মেলাত । বৃহস্পতিবাৰে এই মেলা শুভ উদ্বোধনী অনুষ্ঠানতেই ৭ গৰাকী বিশেষভাৱে সক্ষম লোকক চৰকাৰৰ তৰফৰ পৰা স্বাৱলম্বী হোৱাৰ বাবে ঋণো প্ৰদান কৰা হয় । এই ঋণৰ বিপৰীতে পৰিশোধ কৰিব লাগিব ৪% সুদ ।
বিশেষভাৱে সক্ষম লোকসকলক আত্মনিৰ্ভৰশীল কৰিবলৈ এনে ধৰণৰ মেলা আয়োজন কৰাৰ লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয় বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক : Naga student union seized liquor: অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত নিষিদ্ধ বিদেশী সুৰাৰ বন্যা