লখিমপুৰত কৰ্মচাৰীৰ ধৰ্ণাত অচল জিলা আয়ুক্তৰ কাৰ্যালয় - District Administration Employees Association
🎬 Watch Now: Feature Video


Published : Dec 21, 2023, 1:38 PM IST
লখিমপুৰ,২১ ডিচেম্বৰ: ৰাজ্যজুৰি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ধৰ্ণাত অচল জিলা প্ৰশাসনৰ কাৰ্যালয় । বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই । ছয়দফীয়া দাবী পূৰণৰ হকে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে প্ৰতিখন জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে । ফলত অচল হৈ পৰিছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাম-কাজ । ৰাজ্যৰ অন্যান্য জিলাৰ দৰে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়টো কাম এৰি ধৰ্ণা কাৰ্যসূচীত যোগদান কৰে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে ।
জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ বাবে সুকীয়া দৰমহা গাঁঠনিৰ ব্যৱস্থা কৰা, গ্ৰেড পে' বৃদ্ধি কৰা, পৰ্যবেক্ষক সহায়কৰ পদোন্নতিত দৰমহা বৃদ্ধি কৰা, জাৰিকাৰকসকলৰ ৩ শতাংশ দৰমহা বৃদ্ধি কৰি পেন্সনৰ সমস্যা সমাধান কৰাৰ লগতে সৰ্বস্তৰত নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই দুদিনীয়াকৈ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে । সমগ্ৰ বিষয়টোৰ ওপৰত মূখ্যমন্ত্রীৰ হস্তক্ষেপ দাবী কৰে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক: মুকলিকৈ ঘুৰি ফুৰিছে বন্যজন্তু, ভয়ত কঁপিছে জামুগুৰিহাটবাসী