PM Awas Yojana in Rangia: 2,173 গৰাকী হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ প্ৰদান

By

Published : Jul 14, 2023, 6:44 AM IST

thumbnail

ৰঙিয়া, 14 জুলাই : সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ, অসম) অধীনত নিৰ্মাণ হোৱা আৱাস গৃহসমূহৰ গৃহ প্ৰৱেশৰ অনুষ্ঠানিকতা সম্পন্ন কৰা হয় বৃহস্পতিবাৰৰ দিনটোত । বৃহস্পতিবাৰৰ দিনটোত ৰঙিয়া সমষ্টিৰ 10 টা পঞ্চায়তত একেলগে 2,173 গৰাকী হিতাধিকাৰীয়ে চৰকাৰী আঁচনিখনৰ অধীনত নিৰ্মাণ হোৱা নিজ নিজ বাসগৃহসমূহ চমজি লয় । এই উপলক্ষে ৰঙিয়া বিধানসভা সমষ্টিৰ বৈদ্যগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত পাল বস্তি আৰু তুলসীবাৰীত আনুষ্ঠানিকভাৱে তিনিগৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই অৰ্পণ কৰে । 

অনুষ্ঠানটোত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস, বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাপতি দুলু ভূঞা, খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অভিযন্তাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে । 

লগতে পঢ়ক : Himanta Biswa Sarma: আজমলৰ ইতিকিঙক অসমীয়া মানুহে অপমান হিচাপে ল'ব লাগে; মুখ্যমন্ত্রী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.