thumbnail

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:04 PM IST

ETV Bharat / Videos

Dipankar Rajbanshi slams Promod Bodo: প্ৰমোদ বড়োক অপেন চেলেঞ্জ কোচ ৰাজবংশী নেতাৰ

ওদালগুৰি,১৫ ছেপ্টেম্বৰ: বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে গৰজি উঠিল বিপিএফ দলৰ কোচ ৰাজবংশী নেতাৰ । কোচ ৰাজবংশী নেতা দিপাংকৰ ৰাজবংশীয়ে প্ৰমোদ বড়োক দিলে অপেন চেলেঞ্জ । প্ৰমোদ বড়ো এজন বিটিআৰ ব্যৰ্থ নেতা আখ্যা দিলে কোচ ৰাজবংশী নেতাগৰাকীয়ে ।  

বিটিআৰ লোকক পৰিৱৰ্তনৰ সপোন দেখুৱাই বিটিআৰবাসীক উচ্ছেদ কৰিবলৈ গাদীত বহিল বহিল বুলি অভিযোগ উত্থাপন কৰি এনেকুৱা হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনত হোৱা নাছিল বুলি উল্লেখ কৰে দিপাংকৰ ৰাজবংশীয়ে । প্ৰমোদ বড়োৱে কোচ ৰাজবংশী জনগোষ্ঠী লোকসকলৰ বিৰোধিতা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে ।

প্ৰমোদ বড়োৱে মিছা প্ৰতিশ্ৰুতিৰে বিটিআৰ প্ৰধান হৈছে বুলি কৈ তেওঁ কয় যে বৰ্তমান বিটিআৰবাসী ৰাইজ সজাগ হৈছে । পুনৰ হাগ্ৰামা মহিলাৰী তথা বিপিএফ  দলক আগন্তক দিনত বিটিআৰত এককভাৱে চৰকাৰ গঠন কৰিবলৈ আগ্ৰহী হৈ আছে বুলি কৈ ইউপিপিএল দল আৰু প্ৰমোদ বড়োৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য আগবঢ়াই কোচ ৰাজবংশী নেতাগৰাকীয়ে ।

লগতে পঢ়ক: Assam CM wife land scam: মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি বিতৰ্কৰ ED-CBIৰ তদন্তৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.