thumbnail

By

Published : Dec 26, 2022, 11:02 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

WRCA protest in Dibrugarh: চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড়ত জলসম্পদ ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড়ত জলসম্পদ ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ (Water Resources Contractors Association protests) ৷ সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থাৰ আহ্বানত আৰু ডিব্ৰুগড় জলসম্পদ ঠিকাদাৰ সন্থাৰ সহযোগত উজনি অসম জলসম্পদ মণ্ডল ভিত্তিত অতিৰিক্ত মুখ্য অভিযন্তা উজনি অসম জলসম্পদ মণ্ডল কাৰ্যালয়ৰ প্ৰাঙ্গণত সোমবাৰে অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়(WRCA protest in Dibrugarh) । বৃহৎ পেকেজ প্ৰদানেৰে এক আঁচনি আৰু এক ঠিকাদাৰ কৰিব বিচৰা ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে জলসম্পদ বিভাগৰ ঠিকাদাৰ সন্থাই । তদুপৰি পূৰ্বৰ Joint Venture ব্যৱস্থা প্ৰৱৰ্তন কৰি তিনি কোটিৰো অধিক সকলো আঁচনিত Joint Venture আঁচনি ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছে । ইতিমধ্যে ঠিকাদাৰ সন্থাই জলসম্পদ মন্ত্ৰীৰ লগতে সকলো বিধায়কলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াত এতিয়া থলুৱা ঠিকাদাৰসকলে হাহাকাৰ কৰিবলগীয়া হৈছে ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.