thumbnail

Operation against drugs: ড্ৰাগছ আসক্তক আটক কৰি আৰক্ষীক গতালে আছুৰ সদস্যই

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 9:14 AM IST

ডিব্ৰুগড়, 29 আগষ্ট : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ কঠোৰ হৈছে যদিও ড্ৰাগছ সেৱন আৰু সৰবৰাহ কমা নাই ৰাজ্যত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ত চলিয়েই আছে ড্ৰাগছ সৰবৰাহ । সোমবাৰে ডিব্ৰুগড়ত ড্ৰাগছৰ বিৰুদ্ধে ডিব্ৰুগড় আছুৱে চলায় অভিযান ।

ডিব্ৰুগড় টাউন ৰে’লৱে ষ্টেচনৰ সমীপৰ ৰে’লৱে কলনীত ড্ৰাগছসহ ৱাচিম নামৰ এজন আসক্ত যুৱকক আটক কৰি গতাই দিলে ডিব্ৰুগড় আৰক্ষীক । দীৰ্ঘদিনৰ পৰা আমোলাপট্টি ৰে’লৱে গেটৰ ৱাচিম নামৰ যুৱকজনে ড্ৰাগছ বিক্ৰী কৰি আহিছিল । এই অভিযোগ পোৱাৰ পিচতে ডিব্ৰুগড় ছাত্ৰ সন্থাই অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ।

ইয়াৰ পাচতেই ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ডিব্ৰুগড় আছুৱে । ডিব্ৰুগড়ত ড্ৰাগছ সেৱন আৰু সৰবৰাহ বন্ধ কৰাত ডিব্ৰুগড় আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ আছুৰ ৷

লগতে পঢ়ক : Heroin seized: ১০ লক্ষাধিক নগদ ধনসহ হেৰ’ইন জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.