ঐতিহ্যমণ্ডিত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তী উদযাপন - প্ৰাক্তন ছাত্ৰ সন্মিলন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-11-2023/640-480-20130063-thumbnail-16x9-udal.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 28, 2023, 9:25 AM IST
ওদালগুৰি, 28 নৱেম্বৰ : 75 টা বসন্ত গৰকিলে ঐতিহ্যমণ্ডিত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷ অহা 9, 10 আৰু 11 ডিচেম্বৰত ঐতিহ্যমণ্ডিত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আড়ম্বৰপূৰ্ণভাৱে হীৰক জয়ন্তী উৎসৱ অনুষ্ঠিত কৰা হ’ব ৷ এই অনুষ্ঠান সন্দৰ্ভত বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা উদযাপন সমিতিৰ সভাপতি গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে।
সংবাদমেলত বসুমতাৰীয়ে বিটিচি চৰকাৰৰ তৰফৰ পৰা বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে 1 কোটি টকা অনুদান আগবঢ়োৱা বুলি উল্লেখ কৰে। বসুমতাৰীয়ে লগতে কয় যে, অহা 11 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া হীৰক জয়ন্তীৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে।
একেদৰে প্ৰথমটো দিনটোত সাংস্কৃতিক শোভাযাত্ৰা, সম্বৰ্ধনা অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আদি ভিন্ন কাৰ্যসূচী আয়োজন কৰাৰ লগতে সমাৰোহৰ দ্বিতীয়টো দিনত প্ৰাক্তন ছাত্ৰ সন্মিলন অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক: চৰকাৰক NPS বাতিলৰ দাবী বিৰোধীৰ