Devotional book and song release: আউনীআটী সত্ৰত দিহানামৰ গ্ৰন্থ তথা দেহবিচাৰ গীত উন্মোচন ড৹ পিতাম্বৰ দেৱ গোস্বামীৰ

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 8:16 AM IST

thumbnail

টীয়ক, 18 ছেপ্টেম্বৰ  : অসম লেখিকা সমাজ অন্যতম সক্ৰিয় শাখা পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰদ্বাৰা প্ৰকাশিত তথা অনাতাঁৰ শিল্পী ৰুণু বৰগোঁহাই বড়াই ভক্তি অঞ্জলি শীৰ্ষক এখনি দিহানামৰ গ্ৰন্থখন দেওবাৰে টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে শুভ উন্মোচন কৰে ।

দিহানামৰ শৈলী তথা আধুনিকতাৰ ধামখুমীয়াত প্ৰকৃত দিহানামৰ স্বক্ৰিয়তা যাতে হেৰাই নাযায় তথা নৱপ্ৰজন্মৰ শিল্পীসকলে যাতে শুদ্ধ ৰূপত দিহানাম চৰ্চা কৰিব পাৰে, তাৰ উদ্দেশ্যে ৰুণু বৰগোঁহাই লিখি উলিয়াইছে এই গ্ৰন্থখন ৷ দিহানামক শুদ্ধ ৰূপত আগবঢ়াই নিয়াত ই সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে সত্ৰাধিকাৰগৰাকীয়ে ।

ইপিনে উক্ত অনুষ্ঠানৰ লগতে টীয়কৰ উদিয়মান কণ্ঠশিল্পী অংকুৰ বৰুৱাৰ জীৱন নামৰ বন্তিগছি শীৰ্ষক দেহ বিচাৰৰ এটি দৃশ্যশ্ৰাব্য গীত আনুষ্ঠানিকভাৱে সত্ৰাধিকাৰগৰাকীয়ে উন্মোচন কৰে ৷ তেওঁ নৱ প্ৰজন্মৰ শিল্পীসকলে এইদৰে অসমৰ চহা সম্পদসমূহ চৰ্চা কৰি জীয়াই ৰখাৰ যি প্ৰয়াস কৰিছে সেয়া অতি আদৰণীয় বুলি মত প্ৰকাশ কৰে । লগতে তেওঁ দুয়োগৰাকী শিল্পীলৈ শুভেচ্ছা জনাই দুয়োৰে শৈল্পিক জীৱনৰ উত্তৰণ কামনা কৰে ।

উক্ত অনুষ্ঠানত আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ, ভাদমহীয়া নাম পৰিচালনা সমিতিৰ সভাপতি দুলাল বৰুৱা, সম্পাদক গজেন ভূঞাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : Singer Padmanabha Bordoloi: পৃথক মনৰ পদ্মনাভৰ মনৰ কথাৰে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.