thumbnail

By

Published : Jul 31, 2023, 10:08 AM IST

ETV Bharat / Videos

Shravan Sombar: ব’ল ব’ম উপলক্ষে হাতীমূৰাৰ দুৰ্গা দেৱালয়ত ভক্তৰ লানি নিচিগা সোঁত

কলিয়াবৰ, 31 জুলাই : এতিয়া পবিত্ৰ শাওণ মাহ । অসমীয়াৰ সমাজত হাল ধৰাৰ সময় । শাওণ মাহত খেতিৰ ভৰ-পক । পথাৰখন শ্যামলী হোৱাৰ সময়তে এই মাহটোক শিৱৰ আৰাধনা কৰা লোকসকলে পবিত্ৰ বুলি গণ্য কৰে । কিয়নো, হিন্দু শাস্ত্ৰৰ মতে, এই মাহ জঁটাধাৰী মহাদেৱৰ প্ৰিয় মাহ । শাওণ মাহ যথেষ্ট পবিত্ৰ । এই মাহত শিৱৰ ভক্তগণে গোটেই মাহ শিৱক আৰাধনা কৰাৰ লগতে প্ৰতি সোমবাৰে পালন কৰে ব্ৰত ।

শাওণত শিৱ মন্দিৰ, দৌল-দেৱালয়ত দেখা যায় অগণন ভক্তৰ ভিৰ । আৰাধ্য দেৱতাৰ সন্তুষ্টিৰ বাবে ভক্তগণে শিৱক তুষ্ট কৰিবলৈ প্ৰাৰ্থনা কৰে । শাওণৰ প্ৰতিটো সোমবাৰে শিৱক পূজা কৰাসকলে ব্ৰত পালন কৰে । কলিয়াবৰৰ লুইতৰ পাৰৰ হাতীমূৰাৰ ঐতিহাসিক দশভূজা মহিষমৰ্দিনী দুৰ্গা দেৱালয়তো শিৱভক্তসকলৰ সমাগম দেখিবলৈ পোৱা গৈছে ।

দুপৰ নিশাৰ পৰাই অসমৰ বিভিন্ন স্থানৰ ভক্তসকলে আৰাধ্য দেৱতাৰ চৰণত জল অৰ্পন কৰি মনোকামনা পূৰণ কৰাৰ বাবে কঠোৰ ব্ৰত পালন কৰা দেখা গৈছে । হাতীমূৰা মন্দিৰ পৰিচালনা সমিতি তথা প্ৰশাসনে ভক্তসকলৰ বাবে সকলোধৰণৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক : Awareness program against drugs : ধুবুৰীত ড্ৰাগছ বিৰোধী সজাগতা সভাৰ আয়োজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.