thumbnail

By

Published : Apr 20, 2023, 12:23 PM IST

ETV Bharat / Videos

Deori Bihu in Majuli: দেউৰীসকলে বোকা খেলেৰে লৈছে বিহুৰ আনন্দ

মাজুলী, ২০ এপ্ৰিল: অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলে আজি উদযাপন কৰিছে ইবাঁকু বিচু (Deori Bihu2023)। সত্ৰ নগৰীৰ মাজুলীৰ দেউৰীসকলে উলহ-মালহেৰে উদযাপন কৰিছে ইবাঁকু বিচু । মাজুলীত এই বিচু উপলক্ষে, চিৰাম দেউৰীকে আদি কৰি আটাইকেইখন দেউৰী গাঁৱত উলহ-মালহেৰে বিচু বা বিহু উদযাপন কৰিছে । দেউৰীসকলে এই বিহুত দুৰূম, ককিলি , দেনটো, তাকামাৰি, তাল আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে (Boka Bihu celebrated in Majuli)।  

উৰুকাৰ দিনা উৰে নিশা দেউশালৰ মূল পূজাৰীজনৰ চোতালত গাঁওখনৰ সকলোৱে মিলি বিহু মৰাৰ পাচত আজি পুৱা গাওঁখনৰ ডেকা-গাভৰু, বোৱাৰীসকলে বোকা খেল খেলি বিহুৰ আনন্দ লয় । বোকা খেলৰ মাজে মাজে কোনোবাজনে আকৌ জুৰিছে বিহু । তেওঁলোকৰ লোক বিশ্বাস অনুসৰি আজি দিনতোত গাত বোকা সানিলে চৰ্ম ৰোগ নহয়। মাজুলীৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্যতম আকৰ দেউৰীসকলৰ লোক সংস্কৃতিৰ অন্যতম অংগ বিচুৰ আনন্দই ৰঙীন কৰি তুলিছে সকলোকে ।

লগতে পঢ়ক:Indo Nepal youth games International Championship: মৰিগাঁৱৰ সাগৰে নেপালত ভাৰতৰ হৈ আঁজুৰিলে পদক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.