Death trap of electricity department : মৰণফান্দত পৰিণত ডুমডুমা কলিয়াপানীৰ এটা বৈদ্যুতিক খুঁটা - ভাঙি পৰিল উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী খুঁটা
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ১৭ এপ্ৰিল : ডুমডুমাত খহি পৰিল বাঁহৰ ঠেকা লগাই ৰখা হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰা খুঁটা । ফলত য’তে ত’তে এতিয়া ওলমি ৰৈছে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ৷ যাৰ বাবে সংকিত হৈ পৰিছে এতিয়া স্থানীয় ৰাইজ (Death trap of electricity department in Tinsukia) ৷
স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, তিনিচুকীয়া জিলাৰ ডুমডুমা বৈদ্যুতিক উপ-সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা কলিয়াপানীৰ GNB পথৰ সমীপতে থকা মুকলি পথাৰত আছে এটা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী খুঁটা ৷ সেই খুঁটাটোৰ তাঁৰসমূহ বিগত কিছুধৰি অতি বিপদসংকুলভাৱে ওলমি আছে ৷
উক্ত স্থানলৈ পোহনীয়া জীৱ-জন্তুৰ লগতে স্থানীয় লোকেও সঘনে আহ-যাহ কৰে ৷ সেয়েহে স্থানীয় লোকে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ তিনিচুকীয়া জিলাৰ ডুমডুমা বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত এই সন্দৰ্ভত অৱগত কৰে ৷
কিন্তু এই ক্ষেত্ৰত কোনো কাণযাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ডুমডুমা বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ বিৰুদ্ধে ৷ ইয়াৰে ফলস্বৰূপে দেওবাৰে নিশা অহা এজাক বতাহতে উভালি পৰে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ খুঁটাটো ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় লোক ৷
লগতে পঢ়ক : Death trap of electricity department: খোৱাঙৰ চেঁচুঘাটত বাঁহৰ খুটাৰে বিদ্যুৎ যোগান