thumbnail

By

Published : Aug 7, 2022, 5:00 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

Child Death in Barpeta: ব্ৰহ্মপুত্ৰত সলিল সমাধি এটি শিশুৰ

বৰপেটাৰ বহৰি ফুলবাৰী গাঁৱত অঘটন ৷ ব্ৰহ্মপুত্ৰত সলিল সমাধি এটি শিশুৰ (Child Death for Falling into Brahmaputra ) ৷ জানিব পৰা মতে শনিবাৰে বিয়লিৰ ভাগত ব্ৰহ্মপুত্ৰত সাঁতুৰি থকা অৱস্থাতে নিখোঁজ হৈছিল ফুলবাৰী গাঁৱৰ ছুলেইমান হুছেইনৰ পুত্ৰ আমিনুল হুছেইন ৷ পিছত SDRF বাহিনীৰ তৎপৰতাত আজি উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ কান্দোনত ভাগি পৰে পৰিয়ালবৰ্গ ৷ ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.