Dead body recovered : লক্ষীপুৰত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

By

Published : Dec 11, 2022, 8:49 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বগুৱান থানাৰ অন্তৰ্গত লাঠিমা গাঁৱত দেওবাৰে এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Dead body recovered in Goalpara)৷ লাঠিমা তিনি আলিৰ ৰাস্তাৰ কাষত থকা পুখুৰী এটাত উদ্ধাৰ হয় অচিনাক্ত যুৱকজনৰ মৃতদেহ (Dead body recovered at Lakhipur)৷ খবৰ অনুসৰি স্থানীয় লোকে ৰাস্তাৰ কাষত থকা পুখুৰীত এটা মৃতদেহ পানীত উপঙি থকা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত এক স্থুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ লগে লগে স্থানীয় ৰাইজে বগুৱান আৰক্ষীক খবৰ দিয়াত বগুৱান আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বি গয়াৰী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় (Youth mysterious death)৷ মৃতদেহটোৰ কাষতে দুটাকৈ বিদ্যুৎ মিটাৰৰ লগতে কিছু নথি পত্ৰ আৰু পাঁচশ টকাৰ নোট এখন উদ্ধাৰ হয় ৷ যুৱকজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ উক্ত ঘটনাৰ উচিত তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে (police recovered youth body) ৷ এতিয়ালৈকে আৰক্ষীয়ে যুৱকজনৰ কোনো তথ্য লাভ কৰা নাই ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.