12 খন চহৰৰ পৌৰ এলেকাৰ উন্নয়নৰ বাবে 'দহ চহৰ, এক ৰূপায়ণ’ প্ৰকল্প

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 6:56 AM IST

Updated : Dec 20, 2023, 8:15 AM IST

thumbnail

গুৱাহাটী, 20 ডিচেম্বৰ  : ৰাজ্যৰ নগৰাঞ্চলৰ সু-পৰিকল্পিত আৰু দ্ৰুত বিকাশৰ দিশত বিশেষ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে গ্ৰহণ কৰিছে 'দহ চহৰ, এক ৰূপায়ণ’ শীৰ্ষক এক প্ৰকল্প । ‘দহ চহৰ, এক ৰূপায়ণ’ সন্দৰ্ভত মঙলবাৰে জনতা ভৱনত মন্ত্ৰী অশোক সিংহলে বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ লগতে আঠগৰাকী বিধায়কৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

এই বৈঠকত ৰাজ্যখনৰ 12 খন চহৰৰ পৌৰ এলেকা সমূহৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিব খোজা বিভিন্ন আঁচনিৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ এই আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা চহৰসমূহ হৈছে শিলচৰ, ডিব্ৰুগড়, নগাঁও, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, যোৰহাট, তেজপুৰ, শিৱসাগৰ আৰু উত্তৰ লখিমপুৰ ৷ 

এই দহখন চহৰৰ উপযুক্ত নগৰ পৰিকল্পনা, গোটা আৱৰ্জনা ব্যৱস্থাপনা, বিশুদ্ধ আৰু নিয়মীয়া পানীযোগান, ৰাজহুৱা আন্তঃগাঁথনি, যান-বাহন ব্যৱস্থাপনা, ষ্ট্ৰীট লাইট আৰু মুকলি স্থান, উদ্যান, জলাশয় আদিৰ দৰে সেউজ-নীল উপাদানৰ যাৱতীয় ৰূপায়ণ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় ।

নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত কনফাৰেন্স হল, নগৰ সৌন্দৰ্যবৰ্ধন, মুকলি আকাশৰ তলত থিয়েটাৰ, পেভিলিয়ন, যাতায়াত নিয়ন্ত্ৰণ ব্যৱস্থা, কনভেনশ্যন চেণ্টাৰ, চক বজাৰ, ক্ৰীড়া প্ৰকল্প¸ জলাশয় উন্নয়ন আদি কাম-কাজ হাতত লোৱাৰ হ’ব ৷ ইয়াৰোপৰি অসম চৰকাৰৰ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত কনভেনশ্যন চেণ্টাৰ, টাউন হল, উদ্যান তথা মুকলি স্থান, আন্তঃৰাজ্যিক বাছ আস্থান আৰু ৰাজহুৱা স্থান সৌন্দৰ্যবৰ্ধনৰ কাম-কাজ তদাৰক কৰা হ'ব ৷

লগতে পঢ়ক: জ্য়েষ্ঠ বিজেপি নেতা উদয় শংকৰ হাজৰিকাই যোগদান কৰিব কংগ্ৰেছত

Last Updated : Dec 20, 2023, 8:15 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.