43 years of Sundaram: 18 নৱেম্বৰত জামুগুৰিহাটত প্ৰদৰ্শিত হ’ব ’মহাত্মাৰ আত্মা’ - সাংস্কৃতিক অনুষ্ঠান ’সুন্দৰম সাংস্কৃতিক গোষ্ঠী’

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 2:04 PM IST

চতিয়া, 14 নৱেম্বৰ: ৰাজ্যৰ অন্যতম এটি সাংস্কৃতিক অনুষ্ঠান ’সুন্দৰম সাংস্কৃতিক গোষ্ঠী’য়ে ভৰি দিলে 43 তম প্ৰতিষ্ঠা বৰ্ষত ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ “সুন্দৰম সাংস্কৃতিক গোষ্ঠী" য়ে 43 তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচীৰ  ৷ এই উদ্দেশ্যৰে মঙলবাৰৰ পুৱাই উদ্যোক্তা সমিতিয়ে অনুষ্ঠিত কৰে চাইকেল চলোৱা প্ৰতিযোগিতাৰ  ৷

এই প্ৰতিযোগিতাত অঞ্চলটোৰ অৰ্ধ শতাধিক 15 বছৰ উৰ্ধৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা 18 নৱেম্বৰত স্থানীয় বাপুজী ভৱন প্ৰেক্ষাগৃহত নাট্যকাৰ, পৰিচালক, অভিনেতা ৰাজীৱ বৰঠাকুৰৰ “মহাত্মাৰ আত্মা” শীৰ্ষক এখন পূৰ্ণাংগ নাট মনস্থ কৰাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছে আয়োজক সমিতিয়ে ৷

অনুষ্ঠানত ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ৷

লগতে পঢ়ক: Children’s Day 2023: উজনি মাজুলী শিল্পকলা বিদ্যালয়ত শিশু দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.