কি মাছ থাকিব উৰুকাৰ সাঁজত ? - নলবাৰীৰ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 11:52 AM IST

নলবাৰী,১৪ জানুৱাৰী: আজি উৰুকা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত মাছ উজান । পচন্দৰ মাছটো বিচাৰি পুৱাৰে পৰা গ্ৰাহকে ভিৰ কৰিছে মাছৰ বজাৰসমূহত । অন্যান্য় প্ৰান্তৰ সমান্তৰালভাৱে নলবাৰীতো উৰুকাৰ বজাৰত ৰাইজৰ ভিৰ । নলবাৰীৰ গোপাল বজাৰ উভৈনদী হৈ পৰিছে ভিন্ন মাছেৰে । ৰৌ-ভকুৱা, চিতলকে আদি কৰি বহু মাছেৰে ভৰি পৰিছে বজাৰখন । গোপাল বজাৰত ওলাইছে ২৭ কেজি ওজনৰ ভকুৱা আৰু ৩০ কেজিৰ বিগহেড ।  

নলবাৰীত মুঠৰ ওপৰত এইবাৰৰ ডাঙৰ মাছটো ওলাল গোপালবজাৰৰ মাছ বজাৰত । ইয়াৰে ৩০ কেজি ওজনৰ বিগহেডৰ প্ৰতিকেজিৰ মূল্য ৫০০ টকা আৰু ২৭ কেজি ওজনৰ ভকুৱাটোত প্ৰতিকেজিত ৮০০ টকাকৈ দাম নিৰ্ধাৰণ কৰিছে । আনহাতে ৰৌ-বৰালি, গ্ৰাছকাৰ্প, কমন কাৰ্প, চিতল, আঁৰি আদি সকলো প্ৰজাতিৰেই সৰু বৰ মাছ এইবাৰ নলবাৰীৰ বজাৰত উপলব্ধ । 

লগতে পঢ়ক: আজি উৰুকা, ৰাজ্যৰ বজাৰত মাছৰ উজান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.