Constituency Delimitation 2023: মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা CPIM ৰ - বিজেপি দলক তীব্ৰ সমালোচনা
🎬 Watch Now: Feature Video
বৰপেটা, 27 জুন : ৰাজ্যুজৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পিচতেই প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছে ৷ এইবাৰ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰাক লৈ বিৰোধিতা CPIM ৰ । বৰপেটাত মঙলবাৰে CPIM ৰ কাৰ্যালয়ত দলটোৰ বৰপেটা জিলা সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনৰ তীব্ৰ বিৰোধিতা কৰে ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক তীব্ৰ সমালোচনা কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ মানি লোৱা নহয় বুলি স্পষ্ট কৰি দিয়ে CPIM ৰ বৰপেটা জিলা সমিতিয়ে ৷ ইপিনে খচৰাত বৰপেটা জিলাৰ 2 টা সমষ্টি কৰ্তন কৰা কাৰ্যকো সমালোচনা কৰে দলটোৱে ৷ এই সংবাদমেলখনত CPIM ৰ বৰপেটা জিলা সমিতিৰ সম্পাদক পিয়াৰুল ইছলামসহ কেবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷ বিশেষকৈ সমষ্টি হ্ৰাস হোৱাৰ ফলত চৰকাৰী অনুদান, চৰকাৰী আঁচনি আদিৰ জৰিয়তে পাব লগা কোটি কোটি টকা লাভৰ পৰা বঞ্চিত হ’ব জিলাখন বুলি অভিযোগ উত্থাপন কৰে বামপন্থী দলটোৱে ৷
আনহাতে বৰপেটা জিলাৰ চেঙা আৰু মন্দিয়া সমষ্টি দুটা ধুবুৰী সমষ্টিত অন্তৰ্ভুক্ত কৰা আৰু বৰক্ষেত্ৰী হাজো সমষ্টি বৰপেটা লোকসভাত অন্তৰ্ভুক্তিৰো বিৰোধিতা কৰে দলটোৱে ৷ নিৰ্বাচন আয়োগৰ খচৰা বাতিল কৰিবলৈ CPIM এ নিৰ্বাচনী আয়োগক দাবী জনাব বুলিও সংবাদমেলত উল্লেখ কৰে ৷
লগতে পঢ়ক: Constituency Delimitation 2023: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে AIUDF ৰ প্ৰতিক্ৰিয়া