Heavy Rain in Jonai: নেৰা-নেপেৰা বৰষুণে বিপদ মাতিছে জোনাইৰ বিভিন্ন অঞ্চললৈ - Assam Flood

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 29, 2023, 7:20 PM IST

জোনাই,29 জুলাই: অত্যাধিক মাত্ৰাত হোৱা বৰষুণে বিপদ মাতিছে জোনাইৰ বিভিন্ন অঞ্চললৈ ৷ ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে বানৰ ৷ বাঢ়নী পানীত ডুব গৈছে জোনাইৰ বিভিন্ন অঞ্চল ৷ বিশেষকৈ জোনাইত প্ৰথমবাৰৰ বাবে স্থাপন কৰা জি’অ বেগৰ বান্ধ এজাক বৰষুণতে ডুব গ’ল ৷ জানিব পৰা মতে জোনাইৰ নাহৰ গেজেৰাত জলসম্পদ বিভাগে অলপতে নিৰ্মাণ কৰিছিল জি’অ বেগ বান্ধ ৷

কিন্তু অতি নিম্নমানেৰে জি’অ বেগ বান্ধটো স্থাপন কৰাত শুকুৰবাৰ নিশাৰ পৰা দি থকা নেৰানেপেৰা বৰষুণৰ পানীত ডুব যায় জি’অ বেগ বান্ধটো ৷ ফলত নাহৰ গেজেৰাকে ধৰি বহু কেইবাখন গাঁৱৰ ঘৰ-বাৰী, বাট-পথ,কৃষিভূমি আদি সম্পূৰ্ণৰূপে বুৰ গ’ল পানীৰ তলত ৷ আনহাতে উক্ত স্থানত জলসম্পদ বিভাগৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে ৷ বান্ধটো পানীত ডুব যোৱাত কেইবাখনো গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে ৷

লগতে পঢ়ক:Flood in Dhemaji: ধেমাজিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে জীয়াঢলৰ পানী; বানত ডুব গৈছে মুঠ 8891 গৰাকী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.