Constituency Delimitation in BTC: ওদালগুৰিত BPFৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 3, 2023, 6:29 PM IST

ৰৌতা,3 জুলাইঃ সোমবাৰে ওদালগুৰিত বি পি এফৰ উত্তাল প্ৰতিবাদ । দৰং লোকসভা সমষ্টি আমাক নালাগে, ওদালগুৰি লোকসভা সমষ্টি আমাক লাগিবই ধ্বনিৰে উত্তাল হৈ পৰিল ওদালগুৰি । সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত ৰাজনীতিকৰণৰ অভিযোগেৰে সোমবাৰে ওদালগুৰিত বি পি এফে তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদত অংশগ্ৰহণ কৰে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰী, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিধায়ক দূৰ্গাদাস বড়ো, বিধায়ক চৰন বড়োৰ লগতে দলীয় কৰ্মীসকলে ৷ 

‘‘ইচ্ছা কৰিলে BTC চৰকাৰে যদি বিৰোধিতা কৰি নিৰ্বাচন আয়োগলৈ পত্ৰ দিয়ে তেতিয়া হ’লে পুনৰ হেৰুওৱা সমষ্টি ঘুৰাই পাম ৷ কিন্তু তেওঁলোকে গাহৰি মাংস, মদ খোৱাত ব্যস্ত ৷ তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন সমৰ্থনহে কৰিছে ৷’’ এই দৰে BTCৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োক উদ্দেশ্যি বাক্যবাণ নিক্ষেপ কৰে প্ৰাক্তন BTC মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৷ 

লগতে পঢ়ক:Train blockede at Mazbat : মাজবাটত দূৰণিবটীয়া ৰে’ল ৰখোৱাৰ দাবীত ৰে’লপথ অৱৰোধ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.