Protest against price hike : আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিলাপথাৰত কংগ্ৰেছৰ প্ৰতিবাদ - বজাৰত লাগিছে জুই
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-07-2023/640-480-19116746-thumbnail-16x9-jonai.jpg)
জোনাই, 28 জুলাই : বজাৰত লাগিছে জুই ৷ বজাৰৰ জুয়ে দহিছে এতিয়া সাধাৰণ জনতাক ৷ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ লগতে ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল, ঔষধ, শিশু খাদ্য আদিৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে চিলাপথাৰত কংগ্ৰেছে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷
কংগ্ৰেছৰ চিচিবৰগাঁও ব্লক সমিতি আৰু চিলাপথাৰ নগৰ ব্লক সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী হায় হায়, নৰেন্দ্ৰ মোদী মিছলীয়া, মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ পদত্যাগ কৰক, মূল্যবৃদ্ধি হ্ৰাস কৰক, কংগ্ৰেছ দল জিন্দাবাদ, যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক ইত্যাদি শ্ল’গান দি উত্তাল কৰি তোলে চিলাপথাৰৰ পৰিৱেশ ।
চিলাপথাৰ নগৰৰ মাজ মজিয়াত ৰূপায়ণ কৰা এই দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ভাস্কৰ দুৱৰা, মুখপাত্ৰ ডাঃ হেমহৰি প্ৰসন্ন পেগু, শিক্ষক মৰ্চাৰ পদ্মেশ্বৰ দলে, কংগ্ৰেছৰ ধেমাজি জিলা কমিটিৰ তত্বাৱধায়ক উৎপল গগৈ, ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোহাঁই, ধেমাজি জিলা মহিলা কংগ্ৰেছে সভানেত্ৰী পদুমী টাইদ, উপ সভানেত্ৰী উমা দেৱী, ধেমাজি জিলা কংগ্ৰেছৰ বিভিন্ন মৰ্চাৰ বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়াৰ লগতে তৃণমূল পৰ্যায়ৰ বহু কৰ্ম-কৰ্তাই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : Protest against price hike:মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদ