Congress Protest in Moran:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ কংগ্ৰেছৰ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,29 জুলাই: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ কংগ্ৰেছৰ ৷ মৰাণৰ খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছ কৰ্মীয়ে ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীয়ে ৷
মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতা কোঙা হৈ পৰিছে আদি অভিযোগ আৰু চৰকাৰৰ বিৰোধী বিভিন্ন শ্ল'গানৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী । আনহাতে মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ টাউনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখোৱা বাহনসমূহৰ পৰা অবৈধ কৰ সংগ্ৰহ কৰা কাৰ্যক বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় কংগ্ৰেছ দলৰ ৰাজ্যিক উপ-সভাপতি মাধুৰ্য গোস্বামী, সাধাৰণ সম্পাদক প্ৰাঞ্জল ঘাটোৱাৰ, ডিব্ৰুগড় জিলা সভাপতি দেৱৰঞ্জন গগৈসহ দলীয় বিষয়ববীয়াসকলে ৷
লগতে পঢ়ক:ULFA (I) Extortion Demand : আকৌ আলফা(স্বা)ৰ ধনদাবী পত্ৰ ব্যৱসায়ীলৈ