Zakir Hussain Sikdar: কৰ্ণাটকত হ’ব কংগ্ৰেছৰ চৰকাৰ; জাকিৰ হুছেইন শিকদাৰ - Karnataka poll 2023
🎬 Watch Now: Feature Video
বৰপেটা, 12 মে’: কাইলৈ অৰ্থাৎ 13 মে’ তাৰিখে ঘোষণা হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল (Karnataka poll 2023) ৷ ৰাজ্যখনৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে (Zakir Hussain Sikdar) ৷
বিধায়কগৰাকীৰ মন্তব্য, ‘‘নিৰ্বাচনৰ পূৰ্বেই কৰ্ণাটকৰ ৰাইজে দেখাই দিছে তাত যে কংগ্ৰেছৰ চৰকাৰ হ’ব ৷ কৰ্ণাটকত কাইলৈ দহ-এঘাৰ বজাৰ পৰাই ৰাইজে বিজয় উৎসৱ পালন কৰিব ৷ সমগ্ৰ ভাৰতবৰ্ষতেই কংগ্ৰেছৰ ভাল দিন আহিছে ৷ ’’
লগতে তেওঁ কয় যে নৰেন্দ্ৰ মোডীৰ যি অচ্ছে দিন নাহিল সেয়া কংগ্ৰেছৰ শাসনত পাব ৰাইজে ৷ বদৰুদ্দিন আজমল সন্দৰ্ভতো মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ ৷ তেওঁ কয়, ‘‘বদৰুদ্দিন আজমল কৰ্ণাটক নিৰ্বাচনৰ লগত জড়িত নহয়, তেওঁ কি মন্তব্য কৰিছে সেই বিষয়ত ক’ব লগা নাই ৷’’ আজমলে যি ক’লেও কংগ্ৰেছৰ সৈতে কেতিয়াও মিত্ৰতা নহয় বুলিও মন্তব্য শিকদাৰৰ (Congress AIUDF alliance) ৷
লগতে পঢ়ক: Ajmal meets Nitish Kumar: আজমলক নীতিশ কুমাৰৰ বৰপীৰা; এঘণ্টা জোৰা বৈঠক