thumbnail

Karnataka result 2023 : কৰ্ণাটকৰ পৰাই ব’ব পৰিৱৰ্তনৰ বতাহ; বিধায়ক ছিদ্দিক আহমেদ

By

Published : May 14, 2023, 7:20 AM IST

কৰিমগঞ্জ, 14 মে’ : শনিবাৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিচতে কংগ্ৰেছ দলৰ কৰ্ম-কৰ্তাসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৷ কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত নেতা হ’লেও দাক্ষিণাত্যত দলটোৰ জয়ক লৈ উৎফুল্লিত হৈ পৰিছে অসমৰ প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ । কৰ্ণাটকৰ জনসাধাৰণে দেশক ভাল আৰম্ভণি দিছে বুলি মন্তব্য কৰি দেশখনৰ ধৰ্মনিৰপেক্ষ লোকসকলক কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে উৎসাহিত কৰিছে বুলি উল্লেখ কৰে (Congress MLA Siddique Ahmed on Karnataka election) ৷ 

কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কৰ্ণাটকত বিজেপি দলৰ পৰাজয়ৰ মূল কাৰণ সাম্প্ৰদায়িকতা বুলি উল্লেখ কৰে । তেওঁ পুনৰ কয় যে, বিজেপি শাসনলৈ অহাৰ পিচৰে পৰা দেশবাসীয়ে শোষণ-লুণ্ঠনৰ অৱসান বিচাৰিছিল আৰু শেহতীয়া বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ শাসনৰ পৰা মুক্তি বিচৰা জনতাই সেয়াই কৰি দেখুৱালে বুলি কয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ কৰ্ণাটকৰ পৰাই পৰিৱৰ্তনৰ বতাহ ব’ব বুলিও আশা প্ৰকাশ কৰে কংগ্ৰেছ দলৰ বহিষ্কৃত বিধায়কগৰাকীয়ে (Congress defeat BJP in Karnataka) ৷ 

উল্লেখ্য যে, শাৰিৰীক অসুস্থতাত ভুগি থকা বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিজেপি দলৰ এই গতি অনাগত দিনতো অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰিছে (MLA Siddique Ahmed in Dispur)।

লগতে পঢ়ক : Congress defeat BJP in Karnataka: কৰ্ণাটকত বিজেপি পৰাস্ত হ’লেও ভাল ফলাফল দেখুৱাইছে- মানিক সাহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.