FIR Against Assam CM : মধ্যপ্ৰদেশত হিমন্ত বিশ্ব শৰ্মাৰ উচটনিমূলক বক্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু প্ৰদেশ কংগ্ৰেছৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 2:38 PM IST

Updated : Sep 23, 2023, 4:14 PM IST

গুৱাহাটী,23 ছেপ্টেম্বৰ : মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচটনি আৰু ঘৃণাসূচক মন্তব্য কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচটনি আৰু ঘৃণাসূচক মন্তব্য দিয়াৰ বিৰুদ্ধে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আৰক্ষী থানাত গোচৰ তৰিছিল ৷ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে পুনৰ শনিবাৰে অসম প্ৰদেশ‌ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে দিছপুৰ আৰক্ষী থানাত গোচৰ তৰে ।

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ‌ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ এই কথা প্ৰকাশ কৰে ৷ মীৰা বৰঠাকুৰে কয় যে, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে নিৰ্বাচনী সভাবোৰত উচটনি মন্তব্য দিছে । হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসন কলংকিত কৰিছে । ভৱিষ্যতে এনে মন্তব্য নিদিয়াৰ বাবে মীৰা বৰঠাকুৰে হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিয়ে । আনহাতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ হুংকাৰ দি কংগ্ৰেছৰ নেতা বেদব্ৰত বৰাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰিছে । 

লগতে পঢ়ক:Assam CM wife vs MP Gaurav Gogoi : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে 

Last Updated : Sep 23, 2023, 4:14 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.